তেজপুৰীয়া শিশু বিজ্ঞানীৰ কৃতিত্ব

চহৰ সমূহত আৱর্জনা ব্যৱস্থাপনাৰ অনন্য পদ্ধিত উদ্ভাৱন 

0

আদিত্য অংকুৰ নাথ, তেজপুৰ

তেজপুৰ,১৪অক্টোবৰ:
অসমৰ সাংস্কৃতিক ৰাজধানীৰূপে পৰিগণিত তেজপুৰ চহৰখন কম প্ৰদূষণযুক্ত আৰু পৰিচ্ছন্ন চহৰ হিচাপে স্বীকৃত হোৱাৰ পিছত তেজপুৰৰ একাংশ ছাত্ৰৰ উদ্ভাৱনী চিন্তাই শাৰদীয় বতৰত তেজপুৰকে ধৰি ৰাজ্যখনৰ আৱর্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰলৈ আনিছে অন্য এক সু-খবৰ৷ ‘তেজপুৰ পৌৰসভা অঞ্চলত আৱর্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োজনীয়তা’ শীর্ষক এক বিজ্ঞানৰ আর্হি প্ৰকল্পৰ প্ৰস্তুতিৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰই তেজপুৰীয়া ৰাইজ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰো দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী চিন্ময়ী কাকতিৰ তত্বাৱধানত ছাত্ৰ অংকুৰ চহৰীয়া আৰু তেওঁৰ সহযোগী ছাত্ৰসকলে আৱর্জনা ব্যৱস্থাপনাৰ পৰম্পৰাগত আর্হিৰ লগত তুলনাত্মক অধ্যয়নৰ দ্বাৰা উদ্ভাৱনীমূলক চিন্তাৰে এই নতুন আর্হিৰ প্ৰস্তাব তুলি ধৰিছে সংশ্লিষ্ট সকলোৰে সন্মুখত ৷ পৌৰসভা অঞ্চলত আৱর্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, সজাগতা, নিৰীক্ষণ ব্যৱস্থা আদিৰ নতুন গঠনমূলক চিন্তাৰ উন্মেষণেৰে প্ৰস্তুত কৰা এই প্ৰকল্প ইতিমধ্যে তেজপুৰত অনু্‌ষ্ঠিত হোৱা শোণিতপুৰ জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত প্ৰদর্শিত হোৱাৰ  পিছত ‘স্বচ্ছতাই সেৱা’ শীর্ষক জাগৰণৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনৰ অধীনত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা এই প্ৰকল্পটিক বিশেষভাৱে পুৰস্কৃত কৰা হৈছে। লগতে অহা সপ্তাহত ৰাজ্যিক ভিত্তিত মাজুলীত অনুষ্ঠিতব্য ৰাজ্য পর্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত প্ৰদর্শনৰ পিছত সংশ্লিষ্ট সকলৰ দৃষ্টি আকর্ষণ কৰিলে চহৰসমূহত আৱর্জনা ব্যৱস্থাপনাৰ এক অনন্য পদ্ধতি গ্ৰহণৰ বাট মূকলি হ’ব বুলি আশা কৰা হৈছে৷

Leave A Reply

Your email address will not be published.