সাহসী বালক উত্তম তাঁতীক শোণিতপুৰ জিলা প্ৰশাসনৰ সম্বৰ্দ্ধনা

0

তেজপুৰ ১১ জুলাই ২০১৯ : যোৱা ৭ জুলাই তাৰিখে ঠেলামৰা ৰাজহ চক্ৰৰ অৰ্ন্তগত দীঘলজুলি নদী পাৰ হ’বলৈ যোৱাৰ সময়ত এটি শিশু সহ এগৰাকী মাতৃক বোৱতী নদীৰ গভীৰ দ-পানীৰ পৰা উদ্ধাৰ কৰা সহসী বালক উত্তম তাঁতীক (১১) আজি শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। সেই দিনা মিছামাৰী মৌজা আৰু ঠেলামৰা থানাৰ অন্তৰ্গত ধানখনা গাঁৱৰ অঞ্জলী তাঁতী আৰু দুটি শিশু ক্ৰমে দীপিকা তাঁতী (১.৬ বছৰ) আৰু ৰিয়া তাঁতী (৩বছৰ) সহ দীঘলজুলি নদী পাৰ হ’বলৈ যোৱাৰ সময়তে ভৰ বাৰিষা নদীৰ প্ৰৱল সোতে মাক সহ তিনিওকে উটুৱাই নিয়াৰ মূহুৰ্ত্ততে উত্তম তাঁতী নামৰ এই সাহসী ছাত্ৰজনে ততালিকে নদীত জপিয়াই প্ৰথমে ৰিয়া তাঁতীক উদ্ধাৰ কৰি পাৰলৈ আনি পুনৰ নদীত জাপদি একেদৰে মাতৃ অঞ্জলী তাঁতীক উদ্ধাৰ কৰি এক সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হয়। আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা এই সাহসী পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জনক উপায়ুক্ত নৰসিং পৱাৰে নগদ ৫০০০ টকা আৰু বিদ্যালয়লৈ কিছু দুৰ বুলি জানিব দিয়াত এখন বাইচাইকেল উপহাৰ হিচাপে প্ৰদান কৰি সম্বৰ্দ্ধনা জনায়। ভবিষ্যতে নিজকে সৈন্য বাহিনীত যোগদান কৰাৰ ইচ্চা প্ৰকাশ কৰা সহসী যুৱক উত্তম তাঁতী য়ে অপ্ৰান চেষ্টাৰ পিছতো আনটি শিশু উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰে । তেওঁৰ পিতৃ নৃপেন তাঁতী এগৰাকী দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দিয়া ব্যক্তি আৰু মাতৃ প্ৰাৰ্বতী তাঁতী এগৰাকী গৃহিনী । উল্লেখ্য যে, অঞ্জলী তাঁতীৰ আনগৰাকী কন্যা দীপিকা তাঁতী বোৱতী নদীত মৃত্যু হোৱাৰ লগতে যোৱা ৮ জুলাই শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়। জিলা প্ৰশাসনৰ তৰফৰ পৰা উত্তম তাঁতীৰ নামটি ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে মনোনিত কৰা হ’ব বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.