অনলাইন যোগে উপলব্ধ হ’ব চিৰিয়াখানাৰ টিকট

0

দৰ্শনাৰ্থীসকলে www.zoo.forestassam.net ৱেৱছাইটৰ লিংকটোত ক্লিক কৰি অথবা ‘জু অনলাইন টিকট বুকিং’ এপ ডাউনলোড কৰি টিকট বুকিং কৰিব পাৰিব।

নিউজ ডেস্ক
গুৱাহাটী, ২২ আগষ্ট, ২০১৯
ৰাজ্যিক চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলৰ বাবে সুখবৰ।

ৰাজ্যিক চিৰিয়াখানাত এতিয়াৰে পৰা টিকটৰ বাবে আৰু শাৰী পাতিব লগীয়া নহয় কিয়নো এতিয়াৰে পৰা টিকট সমূহ অনলাইন যোগে উপলব্ধ হ’ব।

পূৰ্বতে ছপা, তাৰপিছত কম্পিউটাৰাইজড টিকটৰ ব্যৱস্থা কৰা হৈছিল যদিও এতিয়াৰে পৰা অনলাইন টিকটৰ ব্যৱস্থা কৰা হৈছে।

দৰ্শনাৰ্থীসকলে  www.zoo.forestassam.net ৱেৱছাইটৰ লিংকটোত ক্লিক কৰি অথবা ‘জু অনলাইন টিকট বুকিং’ এপ ডাউনলোড কৰি টিকট বুকিং কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.