“ৰত্নাকৰ”ৰে মুখৰিত তেজপুৰৰ আকাশ-বতাহ

0

প্ৰচাৰৰ উদ্দেশ্যে বৃহস্পতিবাৰে সাংস্কৃতিক নগৰী তেজপুৰত উপস্থিত হয় ৰত্নাকৰৰ সমূহ পৰিয়াল

আদিত্য অংকুৰ নাথ

তেজপুৰ, ১৯ ছেপ্টেম্বৰ, ২০১৯

অসমৰ বিশিষ্ট অভিনেতা যতীন বৰাৰ প্ৰযোজনাত নতুন চলচ্চিত্ৰ “ৰত্নাকৰে”  এক নতুন জাগৰণ সৃষ্টি কৰাৰ বাবে সাজু হৈছে।

ৰত্নাকৰ চলচ্চিত্ৰৰ সমূহ কলাকুশলী তথা অভিনেতা যতীন বৰাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত প্ৰচাৰ চলাই চিনেমাখনৰ মুক্তিৰ পূৰ্বেই এক জোৱাৰ ৰ সৃষ্টি কৰিবলৈ স‌‌‌‌ক্ষম হৈছে।

প্ৰচাৰৰ উদ্দেশ্যে আজি সাংস্কৃতিক নগৰী তেজপুৰত উপস্থিত হয় ৰত্নাকৰৰ সমূহ পৰিয়াল ।

সমগ্ৰ অসমৰে শিক্ষাক্ষেত্ৰ খনৰ উজ্জ্বল নক্ষত্ৰ দৰং কলেজত সমূহ ৰত্নাকৰৰ পৰিয়াল উপস্থিত হোৱাত প্রিয় তাৰকা সকলক নিচেই কাষতে লগ পাই মতলীয়া হৈ পৰিল দৰং কলেজৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী ।

এই প্ৰচাৰ অনুষ্ঠানততে চিনেমাখনৰ তাৰকা যতীন বৰাই তেজপূৰৰ প্ৰতি গৰাকী সচেতন ব্যক্তিৰ পৰা চলচিত্ৰ খনৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি বিচাৰি দৰং কলেজৰ পৰা সমূহ অসমবাসীক ৰত্নাকৰ সফল কৰাৰ বাবে আহ্বান জনায়।

উক্ত অনুষ্ঠানতে অসমৰ বলিষ্ঠ অভিনেত্ৰী বৰষাৰাণী বিষয়াইও অসমবাসীক চলচিত্ৰ খন আদৰি লবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.