দুবছৰৰ ভিতৰত পেট্ৰল ডিজেলৰ সৰ্বাধিক মূল্যবৃদ্ধিৰ গ্ৰাসত ভাৰত

0

নিউজ ডেস্ক
গুৱাহাটী, ২৩ছেপ্তেম্বৰ,২০১৯
ছৌদি আৰৱৰ বৃহত্তম তেল শোধনাগাৰ আৰামোক য়েমেনী উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হোৱাৰ ফলত ভাৰতীয় বজাৰত বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। দেওবাৰে বিগত দুই বছৰৰ ভিতৰত পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিয়ে শিখৰত আৰোহণ কৰে।

নতুন দিল্লীৰ মূল্যৰ নিৰিখ অনুসৰি যোৱা ছদিনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১.৫৯ টকা আৰু ডিজেলৰ মূল্য ১.৩১টকাকৈ বৃদ্ধি পাইছে। দেওবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২৭পইচা আৰু ডিজেলৰ মূল্য ১৮ পইচাকৈ বৃদ্ধি পায়। বিশ্বৰ মুঠ তেলৰ ৬ শতাংশ যোগানকাৰী দেশ ছৌদি আৰৱৰ সৰ্ববহৎ তেলশোধানাগৰ আৰামোকত য়েমেনী উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰে। যাৰ ফলত উৎপাদনৰ ৬০শতাংশ উৎপাদন বন্ধ হৈ পৰে আৰু বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পায় ১৫-২১ শতাংশ।

Leave A Reply

Your email address will not be published.