হক্‌ছ, ৰাইনোজ, ক্ৰ’জ গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ চেম্পিয়ন

ব্যাপক সম্ভাৱনীয়তাৰে প্ৰথম ছিজনৰ সমাপ্তি

0

গুৱাহাটী, ২ জুন: এনএফআৰ ক্ৰ’জ, জিটিচি ৰাইনোজ আৰু সৰুসজাই হক্‌ছে অসমৰ সৰ্বপ্ৰথম বেবী ফুটবল লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ৰ প্ৰথম ছিজনৰ নিজ নিজ শাখাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ৷ গুৱাহাটী চিটী এফ চি আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্টে অসম ফুটবল সংস্থাৰ সহযোগত আয়োজন কৰা এই লীগৰ আজি অন্তিম মেচ ডে’ত অনুৰ্ধ ১১, ১৩ আৰু ১৪ শাখাৰ ফাইনেলসমূহ অনুষ্ঠিত হয় ৷ মুঠ ৯১টা দলৰ ৯০০তকৈ অধিক শিশু ফুটবলাৰে বিগত ছমাহ ডেকাথল্‌ন, চেম্পিয়ন্স ফুড ক’ৰ্ট আৰু ইগুবাৰ সহযোগত আয়োজিত এই লীগত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় তিনিখন ফাইনেল মেচ ৷ অনুৰ্ধ ১১ত সৰুসজাই হক্‌ছে জিৱাইএছএফচিচি ড্ৰেগন্সক ২-০ গ’লত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে ৷ অনুৰ্ধ ১৩ত জিটিচি ৰাইনোজে ৰিংচাং ঈগ্‌লছক নূন্যতম গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয় ৷ আনহাতে, অনুৰ্ধ ১৪ত এনএফআৰ ক্ৰ’জে বিএমৱাইচি থাণ্ডাৰ্ছক ২-০ গ’লত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে ৷ উল্লেখ্য যে জিটিচি ৰাইনোজ আৰু জিৱাইএছএফচিচি ড্ৰেগন্সে ক্ৰমে অনুৰ্ধ ৭ আৰু ৯ৰ খিতাপ পূৰ্বেই অৰ্জন কৰিছিল ৷ এই দুয়োটা শাখাত পইন্টৰ ভিত্তিত চেম্পিয়ন নিৰ্ধাৰণ কৰা হৈছিল ৷ অনুৰ্ধ ৭ত ৮টা, অনুৰ্ধ ৯ত ১২টা, অনুৰ্ধ ১১ত ২০ টা দলে প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ বিপৰীতে অনুৰ্ধ ১৩ত সৰ্বাধিক ৩৩টা দলে প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল ৷ অনুৰ্ধ ১৪ত ১৮টা দলে যোগ দিছিল ৷ বৃহত্তৰ গুৱাহাটীৰ লগতে এই লীগত নগাঁও, মৰিগাঁও আৰু চুবুৰীয়া মেঘালয়ৰ এটি দলেও অংশ লৈছিল ৷ “এই লীগৰ উদ্দেশ্য আছিল শিশু খেলুৱৈসকলক পৰ্যাপ্ত প্ৰতিযোগিতামূলক খেলৰ সুবিধা দিয়া আৰু পৰিয়ালৰপৰা আৰম্ভ হোৱা শক্তিশালী ফুটবল সংস্কৃতি গঢ় দিয়া ৷ আমি সুখী যে প্ৰতি গৰাকী শিশুৱে গড়ে ২০-২৫ খন খেল খেলিছে আৰু এয়া প্ৰতি বছৰে অব্যাহত থাকিলে অনাগত দহ বছৰত অসমে বহু তাৰকাৰ জন্ম দিয়াটো সম্ভৱ হ’ব৷”এইদৰে কয় লীগ অপাৰেটৰ তথা জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক কৌস্তৱ চক্ৰৱৰ্তীয়ে ৷ তেওঁ জনায় যে অতি শীঘ্ৰে জিচিএফচি আৰু স্প’ৰ্টছক্ৰাফ্‌টে অসমৰ আন ঠাইতো বেবী লীগ অনুষ্ঠিত কৰিব৷ ফাইনেল খেলসমূহৰ পিছত দলীয় আৰু ব্যক্তিগত বঁটাসমূহ বিতৰণ কৰা হয় ৷ জিটিচি ৰাইনোজৰ ঈষান শইকীয়া (৬৪ গ’ল), মনোময় টাইগাৰ্ছৰ ইভান ৰঞ্জন কলিতা (৩৩ গ’ল), জিটিচি ৰাইনোজৰ সক্ষম ডেকা (২৫ গ’ল), এজি লিঅ’পাৰ্ডছৰ মনজ্যোতি তামুলী (১৯ গ’ল) আৰু বিএমৱাইচি থাণ্ডাৰ্ছৰ ৰোহন মানাৰে (১০ গ’ল) ক্ৰমে অনুৰ্ধ ৭, ৯, ১১, ১৩ আৰু ১৪ শাখাত সৰ্বাধিক গ’লদাতাৰ বঁটা লাভ কৰে ৷ জিটিচি ৰাইনোজৰ দেৱাংগ দুৰ্লভ দাসক(অনুৰ্ধ ১৩) ক শ্ৰেষ্ঠ গ’লৰক্ষক আৰু ৰিংচাং ঈগল্‌ছৰ মাচুম আহমেদক শ্ৰেষ্ঠ প্লেমেকাৰৰ বঁটা আগবঢ়োৱা হয় ৷ আনহাতে, মুঠ ৮২ গৰাকী খেলুৱৈক তেওঁলোকে আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ‘ষ্টাৰ্ছ অৱ বেবী লীগ’ বেজ আগবঢ়োৱা হয় ৷ খেলুৱৈৰ লগত কুশলী যুৱ প্ৰশিক্ষকৰ আৱিষ্কাৰো এই লীগৰ অন্যতম বৈশিষ্ট্যৰূপে পৰিগণিত হয় আৰু ১০ গৰাকী তেনে প্ৰশিক্ষকক উদীয়মান প্ৰশিক্ষকৰ বঁটা আগবঢ়োৱা হয় ৷ সবাতোকৈ শৃংখলাবদ্ধ দলৰ বঁটা প্ৰদান কৰা হয় এজি লিঅ’পাৰ্ডছ দলক ৷ ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি, জিচিএফচিৰ সভাপতি সিদ্ধাৰ্থ শংকৰ ডেকা, উপ-সভাপতি ৰংমন দাস, বিত্ত সম্পাদক ডৰিক ৰঞ্জন ডেকা উপস্থিত থকা ফাইনেলৰ দিনটোত অসম ফুটবল সংস্থাৰ সম্পাদক হেমেন্দ্ৰনাথ ব্ৰহ্ম, কোষাধ্যক্ষ হীৰেন গগৈয়ে বঁটাসমূহ বিতৰণ কৰে ৷

Leave A Reply

Your email address will not be published.