মা কামাখ্যা ধামত অম্বুবাচী মেলাক লৈ বিশেষ প্ৰস্ততি

0

গুৱাহাটী,৭জুন: মা কামাখ্যা ধামত অম্বুবাচী মেলাক লৈ ব‍্যাপক প্ৰস্তুতি। ২২জুনত সোণাৰাম খেলপথাৰত হ’ব উদ্বোধনী অনুষ্ঠান । অনুষ্ঠান উদ্বোধন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰে। ২২ তাৰিখৰ পৰা ২৬ তাৰিখৰ লৈকে হ’ব অম্বুবাচী মেলা। দেশৰ সকলো ঠাইৰ পৰা আহিব ভক্তগন। ইতিমধ্যে সাজু কৰি তোলা হৈছে ভক্তৰ শিবিৰ। পিছে পূৰ্বতকৈ এইবাৰ হ্ৰাস কৰা হৈছে ভক্তৰ শিবিৰ।। চাৰিটা শিবিৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে। কামাখ্যা ৰে’ল ষ্টেচনত নাথাকিব শিবিৰ।
ফাঁচীবজাৰ পুৰণি জেল ৰোডত থাকিব  বৃৃহৎ শিবিৰ। আগতকৈ অধিক কটকটীয়া কৰা হ’ব নিৰাপত্তা ব্যৱস্থা। এই মন্তব্য কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ।

Leave A Reply

Your email address will not be published.