এজাক ছাত্র-ছাত্ৰীৰ বিজ্ঞানমনস্কতাৰে জীপাল মৰিগাঁৱৰ চেইণ্ট টেৰেছা বিদ্যালয়

0

গুৱাহাটী, ১২ আগষ্ট:
এজাক শিশু আৰু কিশোৰ ছাত্র-ছাত্ৰীৰ বিজ্ঞান, সমাজ বিজ্ঞান আদিৰ অভিনৱ মডেলৰ মাজেৰে প্ৰতিফলিত হ’ল তেওঁলোকৰ বিজ্ঞানমনস্কতাৰ লগতে আনকি সমসাময়িক সমাজৰ জীয়া প্ৰতিচ্ছবিও। কৃত্ৰিম বুদ্ধি বা আৰ্টিফিচিয়েল ইন্টেলিজেন্স, ভাৰ্চুৱেল ৰিয়েলিটিৰ পৰা আদি কৰি কাৰ্বি আংলঙৰ ডকমকা কাণ্ডলৈকে বিভিন্ন আকৰ্ষনীয় বিষয়ক কলাকুশলতাৰে উপস্থাপন কৰি সমাজলৈ এক শুভবাৰ্তা প্ৰেৰণ কৰিলে এইসকল ছাত্ৰ-ছাত্ৰীয়ে। লগতে প্ৰদৰ্শন কৰিলে নানা ধৰণৰ চিত্ৰকলা আৰু হস্তনিৰ্মিত সামগ্ৰীও।

এইসকল হৈছে মৰিগাঁৱৰ চেন্ট টেৰেছা বিদ্যালয়ৰ ছাত্র-ছাত্ৰী। শনিবাৰে বিদ্যালয় খনত অনুষ্ঠিত ‘বিজ্ঞান প্ৰদৰ্শনী’ ত এই ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা উচ্চখাপৰ মডেলসমূহ চাই মুগ্ধ হৈ পৰে অনুষ্ঠানৰ মুখ্য অতিথি ডঃ বিমানজ্যোতি মেধি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সহযোগী অধ্যাপক তথা জ্যোতিৰ্বিজ্ঞানী ডঃ মেধিয়ে মডেল প্ৰস্তুত কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। জ্যোতিৰ্বিজ্ঞানী ডঃ মেধিয়ে তৰা আৰু মহাকাশ সম্পৰ্কে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰঙ্গ আলাপত অংশ লোৱাৰ লগতে দূৰবীক্ষণ যন্ত্ৰৰ জড়িয়তে আকাশৰ তৰা দেখুৱাৰো ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ ফাদাৰ জন ডিছুজাই ডঃ মেধিক সম্বৰ্ধনা জনোৱাৰ লগতে অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰাণিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Related post

আজি কাতি বিহু

শুৱালকুছিৰ পাট শিল্পলৈ ভাবুকি, বহিঃৰাজ্যৰ নকল কাপোৰেৰে ভৰিছে…

দিনে দিনে বৃদ্ধি পাই আহিছে মানৱ সৰবৰাহৰ ঘটনা।

অনুষ্ঠানত বুকলেণ্ড পাব্লিকেশ্যনৰ মহাপ্ৰবন্ধ্ৰক উজ্জ্বল বৰাইও ডঃমেধিৰ সৈতে সহযোগিতা আগবঢ়ায়। অনুষ্ঠানত যথেষ্টসংখ্যক অভিভাৱকো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.