শদিয়াৰ পটভূমিত ‘শদিয়া’ শীৰ্ষক গীত মুকলি

0
টীম শদিয়াৰ সদস্য সকল

গুৱাহটী, ২৯ জুন : ডিব্ৰুগড় চহৰৰ এগৰাকী অত্যুৎসাহী যুৱক কৌশিক কাশ্যপ। মনত অদম্য হেঁপাহ আৰু আশা বুকুত বান্ধি অসমীয়া সংগীতৰ ক্ষেত্ৰখন আৰু অধিক শক্তিশালী কৰাৰ মানসেৰে খোজ পেলাইছে উৎসাহী যুৱকজনে। তেওঁ একক প্ৰচেষ্টাৰে ঐতিহাসিক সংস্কৃতিৰে পুষ্ট শদিয়াক কেন্দ্ৰ কৰি এটি ভিডীঅ’ গীত প্ৰস্তুতৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সাহসী যুৱকজনৰ আশা যে এতিয়াও অসমৰ মানচিত্ৰত পিছ পৰি ৰোৱা শদিয়াক পৰ্যটন আকৰ্ষণ স্থলীত পৰিণত কৰা। তেওঁ বিশেষকৈ পৰ্যটন সম্ভাৰেৰে পুষ্ট শদিয়াত বিদেশী পৰ্যটকৰ আকষৰ্ণ স্থলীত পৰিণত কৰাৰ মানসেৰে ভিডিঅ’ গীতটি সম্পূৰ্ণ কৰি তুলিছে। লক্ষ্যণীয় যে বৰ্তমান মুম্বাইৰ সংগীত ক্ষেত্ৰখনৰে যুক্ত হৈ থকা কৌশিক কাশ্যপৰ শদিয়াৰ ওপৰত নিৰ্মাণ কৰা ভিডিঅ’ গীতটি নিজে কণ্ঠদান কৰাৰ উপৰি দীপলিনা শইকীয়াই অভিনয় কৰিছে আৰু সংগীত পৰিচালনা কৰিছে বিভূতি গগৈয়ে। বিচিত্ৰ বৰদলৈৰ সুৰ সংযোজনেৰে ভিডিঅ’ গীতটি নিৰ্মাণ কৰি উলিয়াইছে এড ক্ৰাফট্ নামৰ কোম্পানীটোৱে।

Related post

আজি কাতি বিহু

শুৱালকুছিৰ পাট শিল্পলৈ ভাবুকি, বহিঃৰাজ্যৰ নকল কাপোৰেৰে ভৰিছে…

দিনে দিনে বৃদ্ধি পাই আহিছে মানৱ সৰবৰাহৰ ঘটনা।

লক্ষ্যণীয় দিশটো হ’ল যে কৌশিক কাশ্যপে প্ৰথমবাৰৰ বাবে আসমীয়া ভিডিঅ’ গীত নিৰ্মাণ কৰিছে। উক্ত ভিডিঅ’তিত জেণ্টেল ব্ৰীজ ক্ৰিয়েছন আৰু শুভলক্ষ্মী চেতিয়াই প্ৰযোজনা কৰিছে। আজি গুৱাহাটীত কৌশিক কাশ্যপৰ ‘শদিয়া’ শীৰ্ষক ভিডিঅ’ গীতটি মুকলি কৰিলে ধ্বনি ৰেকৰ্ড অৱ গুৱাহাটীয়ে। ইলেক্ট্ৰনিক বিভাগৰ অভিযন্তা কৌশিক কাশ্যপে এই ব্যস্ততাপূৰ্ন কৰ্মব্যস্ততাৰ মাজতে সাংস্কৃতিক ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ মানসেৰে প্ৰথমটো প্ৰয়াস চলায়। উল্লেখযোগ্য যে অসমীয়া গীতৰ সংকলনটি উন্মোচন কৰাৰ পূৰ্বে যুৱ শিল্পী গৰাকীয়ে কেইবাটিও জনপ্ৰিয় হিন্দী গীতত কণ্ঠদান কৰিছে।

Leave A Reply

Your email address will not be published.