খানাপাৰাত শ্ৰীকৃষ্ণলীলাৰ গীত-নাট-নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালা

0

গুৱাহাটী,২৯ জুন:  ভগৱান শ্ৰীকৃষ্ণৰ গীত-নাট-নৃত্যৰ এখন গ্ৰীষ্মকালীন কৰ্মশালা গুৱাহাটীৰ খানাপাৰাৰ গণেশমন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হৈছে। পাঁচ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া ষোল্লদিনীয়া কৰ্মশালাখনত বাবা চাহেব আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড০ ৰুক্মিণী বৰা প্ৰমুখ্যে কেইবাগৰাকী প্ৰথিতযশা শিল্পীয়ে প্ৰশিক্ষণ আগবঢ়াব।

Related post

২০২০ বৰ্ষৰ পহিলা মাহত সংশোধিত ভোটাৰ তালিকা !! তৎপৰ তিতাবৰত…

টীয়কৰ নাৰকীয় ঘটনাৰ তীব্ৰ প্ৰতিবাদ

৩৭১ অনুচ্ছেদ দৰাচলতে কি?

সকলো বয়সৰ বাবে মুকলি থকা উক্ত কৰ্মশালাখনত অংশগ্ৰহণ কৰিব বিচৰা সকলক পাঞ্জাবাৰীৰ বৰ্ণালী সাংস্কৃতিক কেন্দ্ৰৰ সৈতে ৭০০২৯৬০৬২৮/ ৯৪৩৫০১৮৪৬২/ ৮৬৩৮৬৯১৫৯৯ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.