অসমপর্যালোচনা

‘শিক্ষা দানৰ উপৰি ছাত্ৰ-ছাত্ৰীক উজ্জীৱিত কৰিব পাৰিব লাগিব শিক্ষক সমাজে’

মোবাইল ফোন, চচিয়েল মিডিয়াই ছাত্ৰ সমাজত অধিক নেতিবাচক প্ৰভাৱ পেলাইছে' -পদ্মশ্ৰী ডঃ ৰাজপাল এছ চিৰোহি

0

আদিত্য অংকুৰ নাথ, তেজপুৰ,30 জুন:

Related post

আজি কাতি বিহু

শুৱালকুছিৰ পাট শিল্পলৈ ভাবুকি, বহিঃৰাজ্যৰ নকল কাপোৰেৰে ভৰিছে…

দিনে দিনে বৃদ্ধি পাই আহিছে মানৱ সৰবৰাহৰ ঘটনা।

‘বৰ্তমান বিভিন্ন স্তৰত দ্ৰুত গতিত বাঢ়ি অহা বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠান সমূহে ছাত্ৰ-ছাত্ৰীক সততাৰে শৈক্ষিক জীৱনৰ বুনিয়াদ গঢ়ি দিয়াৰ বাবে তৎপৰ হোৱাৰ লগতে শিক্ষক সমাজে ছাত্ৰ ছাত্ৰীক উৎকৃষ্ট শিক্ষা প্ৰদানৰ উপৰি ছাত্ৰ-ছাত্ৰীক উজ্জীৱিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সততে যত্নপৰ হ’ব লাগিব ।’ এই আহ্বান দিল্লী ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অৱসৰ প্ৰাপ্ত সঞ্চালক ,বিশিষ্ট পদাৰ্থবিদ পদ্মশ্ৰী ডঃ ৰাজপাল এছ চিৰোহিৰ । আজি তেজপুৰত নতুনকৈ প্ৰতিষ্ঠা হোৱা ইন্সপায়াৰ একাডেমীৰ উদ্বাধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি তেওঁ এই আহ্বান জনোৱাৰ লগতে সম্প্ৰতি সততে ৰঘুমলাৰ দৰে ছাত্ৰ সমাজক ছানি ধৰা মোবাইল ফোন আৰু চচিয়েল মিডিয়াৰ নেতিবাচক প্ৰভাৱৰ পৰা মুক্ত থাকি সময়ৰ সদ ব্যৱহাৰৰ জৰিয়তে মানসিক আৰু শাৰীৰিক সু স্বাস্থ্য বৰ্তাই ৰাখি ফলপ্ৰসূ অধ্যয়নত ব্ৰতী হৈ নিজকে সমাজখনৰ এক সম্পদৰূপে যথাযোগ্য ৰূপত গঢ়ি তোলাৰ বাবে নিজক নিয়োজিত কৰিবলৈ ছাত্ৰ সমাজক লগতে আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকি শিক্ষাবিদ ডঃ ভুৱনেশ্বৰ চহৰীয়াই কেৱল নম্বৰ লাভৰ প্ৰতিযোগিতাত অৱতীৰ্ণ নহৈ ছাত্ৰছাত্ৰী সকলক জীৱন আৰু সমাজ গঢ়াৰ শিক্ষাত প্ৰবৃত্ত হবৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক নিজা বক্তব্যত অনুৰোধ জনায়। অৱসৰপ্ৰাপ্ত অধ্যাপক,সাহিত্যিক ডঃ ৰমেশ চন্দ্ৰ গোস্বামীয়েও নিজা বক্তব্যত ছাত্ৰ-ছাত্ৰী সকলে গুণগত শিক্ষাৰ প্ৰতি আকৃষ্ট হৈ জীৱন গঢ়াত মনোনিৱেশ কৰাত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠাটোত বিশিষ্ট অতিথিৰূপে অধ্যাপক ডঃ মনোৰঞ্জন শৰ্মা, ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ সঞ্চালক ডঃ সঞ্জয় কুমাৰ দ্বিৱেদি, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ৰমেন গোস্বামী, অধ্যাপক উপেন্দ্ৰনাথ শৰ্মা আদিয়েও সভাত উপস্থিত থাকি নিজা নিজা ভূমিকা ৰূপায়ন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা সৃষ্টি শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰি ছাত্ৰ-ছাত্ৰীসকলক সৃজনীমূলক লিখা মেলাত গুৰুত্ব দিবলৈ আহ্বান জনায় ডঃ সঞ্জয় কুমাৰ দ্বিবেদিয়ে। ইন্সপায়াৰ একাডেমীৰ সভাপতি শোণিত মঞ্জিল হাজৰিকা আৰু সহযোগী শিক্ষযীত্ৰী নম্রশ্ৰী গোস্বামীয়ে সভাত উপস্থিত সকলোৰে শলাগ লোৱাৰ লগতে একাডেমীখনৰ পৰৱৰ্তী যাত্ৰাত সকলোৰে সহযোগিতাৰ বাবে নিজা নিজা বক্তব্যত ৰাইজৰ প্ৰতি আহ্বান জনায়।

Leave A Reply

Your email address will not be published.